২০০৫ চন, সংসদত ভোটাৰশ্বিপ'ৰ আবেদন।
১৩৭ জন সাংসদ, বিশ্বাত্মা ভৰত গান্ধী আৰু অন্য সমৰ্থকৰ দ্বাৰা দাখিল কৰা এক ঐতিহাসিক ৰাষ্ট্ৰীয় স্বাৰ্থজনীত আবেদনৰ ওপৰত আইন প্ৰণয়ন কৰিবলৈ সংসদত জাননী জাৰি কৰিছিল। সাংসদ সকলৰ যুক্তি আছিল যে, যি ভোটাৰে আমাক ভোট দি সাংসদ-বিধায়ক বনাই আজীৱন বেতন-ভাট্ৰা আৰু পেঞ্চনৰ উপযোগী কৰি তুলিছে। গতিকে ভোটাৰসকলেও ভাট্ৰাৰ ৰূপত প্ৰতিমাহে নুন্যতম আৰ্থিক সমতা পাব লাগে। সাংসদ সকলে দাখিল কৰা আবেদনত এই পৰিমানটোক বৃত্তিৰ শাৰীত “ভোটকৰ্তাবৃত্তি” বুলি উল্লেখ কৰিছে আৰু কিছু লোকে সৰল ভাষাত “ভোটাৰ পেঞ্চন” বুলিও উল্লেখ কৰিছে।
ভোটাৰসকলৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ শ্ৰীদ্বীপক গোৱেলৰ অধ্যক্ষতাত ৰাজ্যসভাৰ সংসদ্বীয় সচিবালয়ৰ বিষয়াসকলৰ এখনি সমিতি গঠন কৰা হৈছিল। সংসদ্বীয় দ্বীপক গোৱেল সমিতিয়ে দীৰ্ঘ গৱেষণাৰ অন্ততঃ ২ ডিচেম্বৰ, ২০১১ তাৰিখে ইয়াৰ প্ৰতিবেদনত ভোটাৰ’ৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ভোটাৰসকল উক্ত গোচৰত জয়ী হয়। কিন্তু পূঁজিপতি-কোটিপতি হেচাত তেওঁলোকৰ পোহনীয়া দালাল দলৰ অধ্যক্ষসকলে ভোটাৰে পাব লগা “ভোটাৰশ্বিপ”ৰ অধিকাৰ বিৰুদ্ধ কৰিলে। এই কাৰণেই ৰাজ্যসভাৰ অধ্যক্ষই ভোটাশ্বিপৰ বিষয়টি লোকসভাত উত্থাপন কৰিবলৈ কৈ বিষয়টো ফাঁচী কাঠত ওলমাই ৰাখিলে। যিটো ২০০৫ চনৰ পৰা সংসদত ওলমি আছে।