ভোটাৰশ্বিপ'ৰ ওপৰত সচৰাচৰ সোধা প্ৰশ্ন

ভোটাৰশ্বিপ কি ?
  • ছাত্ৰবৃত্তিৰ আধাৰত এটি নতুন শব্দ।
  • মুঠ ঘৰুৱা উৎপাদনত যন্ত্ৰৰ অংশত ভোটকৰ্তাৰ এটি অংশ।
  • নিজ সম্পত্তি বা নিজ আয়'ত ৰাজব্যৱস্থাৰ অংশ, তথা এই অংশত ৰাজব্যৱস্থা নিৰ্মানত ভোটাৰ'ৰ লাভাংশ।
  • ৰাজব্যৱস্থা অথবা আইন নিৰ্মানত ভোট কৰ্তাৰ পাব লগা মাছুল।
  • গণতন্ত্ৰৰ তিনি স্তম্ভৰ দৰে মুল কেন্দ্ৰস্তম্ভ ভোটকৰ্তাৰ পাব লগা মাছুল।
  • সামাজিক সম্পত্তিৰ পৰা ভাঢ়া হিচাপে আদায় পাব লগা ভোটকৰ্তাৰ প্ৰাপ্য।
  • দেশৰ বিকাশত সাধাৰণ নাগৰিকৰ অংশীদাৰীত্বৰ উপায়।
  • আৰ্থিক গণতন্ত্ৰ অথবা অৰ্থনৈতিক স্বাধীনতা পোৱাৰ উপায়।
  • নিজ ইচ্ছানুযায়ী কামৰ পৰা স্বাধীনতা পোৱাৰ উপায়।
  • গৰিমাৰে সৈতে সকলো নাগৰিকে জীয়াই থকাৰ অধিকাৰ অথবা উপায়।
  • নকলি গণতন্ত্ৰক প্ৰকৃত গণতন্ত্ৰলৈ প্ৰসাৰিত কৰাৰ উপায়।
  • দেশত জনসংখ্যা নিয়ন্ত্ৰনৰ উপায়।
  • নিৰ্বাচনত ভোটৰ শতাংশ বৃদ্ধিৰ উপায়
ভোটাৰশ্বিপ কিয় পাব লাগে
  • ৰাজতন্ত্ৰত ৰজাক ৰাজসত্বাত ভগৱানে বহুৱাইছিল। কিন্তু গণতন্ত্ৰত ৰজাক ৰাজসত্বালৈ পঠিয়াই ভোটাৰে। ৰাজতন্ত্ৰত দেশৰ সকলো সম্পত্তিৰ মালিক আছিল ভগৱান। কিন্তু গণতান্ত্ৰিক দেশত দেশৰ সকলো সম্পত্তিৰ মালিক হ'লগৈ ভোটাৰ। দেশত ১৭৮৯ চনতেই গণতন্ত্ৰ আহিছিল, কিন্তু ভোটাৰে আজিকোপতি সম্পত্তিৰ সমান ভাগ নাপালে। ভোটাৰৰ সম্পত্তি আজিও চৰকাৰে অবৈধ্য কব্জাধাৰীৰ হাতত গতাই ৰাখিছে। এই সম্পত্তি অবৈধ্যভাবে কুখিগত কৰাবৰ কাৰণে চৰকাৰ'ৰ মানুহে কব্জাধাৰীৰ পৰা "ষ্টাম্প ডিউটিৰ" নামত লাখ লাখ টকা ঘোচ লয়। ইয়াৰদ্বাৰা এইটো নিশ্চিত যে দেশৰ সকলো সম্পত্তিৰ মালিক ভোটাৰ হয় আৰু কব্জাদাৰী ভোটাৰৰ ভাঢ়াতীয়া হয়। শেষত: ভাঢ়াতীয়াৰ পৰা ভোটাৰে ভাঢ়া পাব লাগে। এই ভাঢ়াই হৈছে "ভোটাৰশ্বিপ"।
  • বিশ্ব বানিজ্যিক চুক্তি হোৱাৰ পিছত সমগ্ৰ বিশ্বৰ বজাৰ ব্যৱস্থা যান্ত্ৰিকৰণৰ বাবে বাধ্য। কম্পিউটাৰে শিক্ষিত লোকৰ কাম কাঢ়িল আৰু ট্ৰেক্টৰ, জেচিবি, বুল্টুঝাৰৰ দৰে মেচিনে নিৰক্ষৰ লোকৰ কাম কাঢ়িলে। শেষত: এতিয়া সকলো হাতক ৰোজগাৰ দিয়াটো অসম্ভৱ হৈ পৰিল। আজিলৈকে বলৎকাৰ্য্যক কাম মনাটো বাধ্য আছিল। কিন্তু এতিয়া নহয়।
  • কেৱল জীয়াই থকাৰ প্ৰয়োজনীয় টকাৰ কাৰণে কামৰ চৰ্ত আৰোপ কৰাটো আৰ্থিক গোলামীৰ কু-ৰীতি হয়। টকাৰ বাবে কাম কৰাৰ বাধ্য-বাধকতা সেইজনকহে কৰাব লাগে, যিজনে মাত্ৰ ভাতৰ নহয় বৈভৱ বিচাৰে।
  • আইন নিৰ্মাতাই (ভোটাৰ) আইন বনোৱাৰ মাছুল এতিয়ালৈকে লোৱা নাই। আজি ল'ব বিচাৰিছে। আইনৰ দুহাই দি ধনী হোৱাসকলে এই মাচুল দিবই লাগিব।
  • চৰকাৰ বনোৱা বা চৰকাৰ'ৰ মাধ্যমেৰে আইন বনাবলৈ দিয়াটো ভাল কাম হয়। এই কাম ভোটাৰৰ হয়। শেষত: ভোটাৰশ্বিপ এই কামৰ মাচুল হয়।
  • আৰ্থিক গোলামী এতিয়া উৎপাদক আহিলা হৈ নাথাকিল।
  • কৰ্মহীন হোৱাতকৈ নিষ্কৰ্মাই শ্ৰেষ্ঠ।
  • দেশৰ বিকাশত প্ৰতি নাগৰিকৰ ভোগৰ অংশীদাৰীত্ব দিয়াৰ ইয়াতকৈ আৰু ভাল উপায় নাই। ভোটাৰশ্বিপ'ৰ বিকল্প নাই। ভোটাৰশ্বিপ বৰ্তমান সকলো সমস্যাৰ সামাধান হয়।
ভোটাৰশ্বিপ'ৰ কাৰণে ক'ৰপৰা আহিব ধন ?

ভোটাৰশ্বিপ'ৰ কাৰণে ধনৰ সুত (ভাৰতৰ)

  1. জনকল্যান মুলক আচঁনিৰ পৰা পুন:পতীয়াকৈ:- ( প্ৰায় ১৪ লাখ ৫১ হাজাৰ কৌটি )
  • খাদ্য সুৰক্ষা যোজনা'ৰ ছাবচিদিৰ পৰা- ১০০০ কৌটি।
  • প্ৰেট্ৰলজাত সামগ্ৰীৰ ছাবচিদিৰ পৰা- ২৫০০ কৌটি।
  • স্বাস্ব্য যোজনাৰ ওপৰত খৰচ - ০২ লাখ কৌটি।
  • পেঞ্চন আঁচনিৰ ওপৰত খৰচ- ০৬ লাখ কৌটি।
  • দূৰ্ঘটনা বীমা খৰচ- ১৩ হাজাৰ কৌটি।
  • ফাৰ্টিলাৰঝাৰ ছাবচিদি- ৭০০০ কৌটি।
  • এমজিএনৰেঘা পৰা- ১.৫১ লাখ কৌটি।
  • বাল্য বিকাষ যোজনা পৰা- ২৬০০০ কৌটি।
  • ইন্দিৰা আৱাস যোজনাৰ পৰা- ২০০০০ কৌটি।
  • মাতৃ আৰু শিশু সুৰক্ষা যোজনাৰ পৰা- ৩০০০০ কৌটি।
  • ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰাপ্ত ছাবচিদি- ৫০০০০ কৌটি।
  • কেন্দ্ৰ চৰকাৰ'ৰ দ্বাৰা প্ৰাপ্ত মুঠ ছাবচিদি- ১.৬ লাখ কৌটি।

2. ধনীৰ সীমাৰেখা বনাই ( ৫০ কৌটি'ৰ ওপৰৰ সম্পত্তিৰ ওপৰত ক'ৰ লগাই )।

3. ৰাজব্যৱস্থাৰ ক'ৰ।

ভোটাৰশ্বিপ'ৰ কাৰণে পৃথিৱীৰ সামুহিক সুত:

1. মিলেনিয়াম ডেভেলপমেন্ট গোল্ড (MGD) দায়িত্বৰ অন্তৰ্গত ভাৰতৰ দৰে বিকশিত দেশৰ পৰা প্ৰাপ্য ধন। আৰু বহুৰাষ্ট্ৰীয় কোম্পানীৰ (MNC) ওপৰত ক'ৰ।

2. বিশ্ব ব্যৱসায়িক'ৰ আয় বা সম্পত্তিৰ ওপৰত UNO ৰ দ্বাৰা প্ৰাপ্ত ক'ৰ।

3. UNO 'ত সকলো দেশৰ ওপৰত প্ৰাকৃতিক সংশোধনৰ পৰা প্ৰাপ্য ৰূপত পোৱা সকলো দেশৰ মুঠ জনমুৰি আয়'ৰ (GDP) ৭% ক'ৰৰ পৰা ভাৰতৰ অংশ।

অৰ্থনৈতিক স্বাধীনতা কি ?

অধিকাংশ কৃষকে তেতিয়া ট্ৰৈক্টৰ কিনে, তেতিয়া বলধ গৰুবোৰ অ-প্ৰয়োজনীয় হৈ পৰে। ঠিক তেনেদৰে সকলোপিনে মেচিন লগোৱাৰ পিছত এতিয়া ধনীৰ সীমাৰেখাৰ ওপৰৰ মানুহবোৰ দুখীয়া নিচলা মানুহবোৰক নি:কিন জনসংখ্যা বুলি মানি লৈছে। দুখীয়াৰ ঘৰত জানিবুজি মুল্যবৃদ্ধি সৃষ্টি কৰি আৰ্থিক অত্যাচাৰে'ৰে তেওঁলোকক মৰাত লাগিছে। বিকাশৰ পৰ্দাৰ পিছফালে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় আৰু যোজনা তথা নীতি আয়োগক এনে কামত লগোৱা হৈছে। দেশত হৈ থকা আত্মহত্যাবোৰ আৰ্থিক নৰসংহাৰৰ এনে নীতিৰ পৰিনাম। গৰু'ৰ ওপৰত মালিকে প্ৰেম দেখুৱাই অধিক উৎপাদন কৰিব, তেতিয়াও বল'ধে ভাত নাপায়, ভুচিহে পাব। ভুচি খাবৰ বাবে বাধ্য গৰু গৰিৱ নহয়, গোলাম হয়। গৰুৰ দৰেই দেশৰ দুখীয়া নাগৰিক গৰিৱ নহয়, কষ্টকৰ কাম কৰাৱৰ কাৰণে পূঁজিপতিৰ দ্বাৰা পালি থকা গোলাম হয়। তোমালোক বুদ্ধি হীন, নিস্কৰ্মা, পৰ জন্মৰ পাপী, মদাহী, জুৱাৰী, অজ্ঞানী বুলি দুখীয়াৰ বিৰুদ্ধে কু-ৰীতি ৰচনা কৰে। মাত্ৰ আইনৰ দ্বাৰা ভোকৰ ভাতৰ কাৰণে কাম কৰোৱাৰ চৰ্ত আৰোপ তথা বৈভৱ বিলাস দিয়াটো আৰ্থিক গোলামীৰ সাক্ষী হয়। দুখীয়া, টকা নোহোৱাৰ কাৰণে হোৱা নাই। আৰ্থিক গোলামীৰ ৰক্ষক তথা অত্যাচাৰী আইনৰ কাৰণে হৈছে। আৰ্থিক গোলামী বি-পুহা হয় আৰু দৰিদ্ৰতা এই পুহা'ৰ পৰা উলোৱা পুঁজ হয়। গৰিৱ বৰ্তাই ৰখাৰ কাৰণ হৈছে পুঁজ চাফা কৰি থকা আৰু পুহা'ক চিকিৎসা নকৰা।

১৯৪৭ চনৰ ১৪ আগষ্ট ৰাতি বৃটেইনৰ ৰাণীয়ে ৰাজগাদীৰ লগতে দেশৰ সকলো সম্পত্তিৰ মালিকিস্বত্ব দেশৰ সকলো লোকৰ ওপৰত অৰ্পণ কৰিছিল। কিন্তু ১৫ আগষ্টৰ পিছত কব্জাধাৰীয়ে কব্জা কৰি ৰাখিলে। যিসকলে পূৰ্বৰ পৰাই সম্পত্তিসমুহ কুষিগত কৰি ৰাখিছিল। যত নেতাই ৰাজগাদী পাইগ'ল কিন্তু জনসাধাৰণে আজিও কোনো সম্পত্তিৰ ভাগ নাপালে। শেষত: গণতন্ত্ৰত আৰ্থিক গোলামীৰ সাক্ষী দুখীয়াক মাত্ৰ সাহাৰ্য্য দি নহয়, ভোটাৰৰ সামাজিক সম্পত্তিৰ ওপৰত কব্জাধাৰীক আতৰাই, অথবা এই সম্পত্তিৰ ভাঢ়া ভোটাৰক প্ৰতিমাহে দিয়ালেহে হ'ব। ভোটাৰৰ এই সম্পত্তি বোৰৰ ভাঢ়াই হৈছে-"ভোটাৰশ্বিপ"। ভোটাৰশ্বিপ অবিহনে অৰ্থনৈতিক স্বাধীনতা অসম্ভৱ। অৰ্থনৈতিক স্বাধীনতা অবিহনে দেশৰ পৰি গৰিৱ শেষ কৰাটো অসম্ভৱ। ভোটাৰশ্বিপ এখন ঘৰৰ সন্তানৰ এখাজ ভাতৰ অংশীদাৰীত্বৰ দৰে। আৰু কামৰ দ্বাৰা পোৱা ধন ভুচিৰ দৰে। এই আৰ্থিক নৰসংহাৰ ৰুধিবলৈ ১৩৭ জন সাংসদ সদস্যই ২০০৫ চনতেই "ভোটাৰশ্বিপ"নামেৰে এখনি প্ৰস্তাৱ সংসদত দাখিল কৰিছিল। কিন্তু পূঁজিপতিসকলে ৰাজনৈতিক দলৰ সভাপতি সকলক ধমক দিয়াত নিজ নিজ দলৰ সাংসদ সকলক "হুইপ" আইনৰ ভয় দেখুৱাই আৰু আগলৈ যোৱাত বাধা আৰোপ কৰিলে। ফলত প্ৰস্তাৱখন সংসদত ওলমি থাকিল। দেশত গৰিৱ,গোলামী আৰু আত্মহত্যা হৈ থাকিব আৰু দেশ ধনী হৈ গৈ থাকিব।

ভোটাৰশ্বিপ আইন নোহোৱাৰ কাৰণ কি আছিল ?

১) কেৱল ধনীকশ্ৰেনীক ৰাষ্ট্ৰ বুলি গণ্য কৰা নকলি ৰাষ্ট্ৰবাদী সকলে মানে যে, ভোটাৰশ্বিপ'ৰ জৰিয়তে টকা দিলে দেশৰ নাগৰিকৰ মজদুৰী ৰেট বাঢ়ি যাব। সিহঁতে সুখ অনুভৱ কৰিব। ইয়াৰদ্বাৰা কল-কাৰখানা, খেতি-পথাৰত উৎপন্ন হোৱা বস্তুৰ মুল্যবৃদ্ধি হ'ব। বস্তুৰ মূল্যবৃদ্ধি হ'লে বেলেগ দেশত এনে বস্তুৰ বিক্ৰী কমি যাব। আৰু ৰপ্তানি স্থগিত হ'ব। কিয়নো ভোটাৰশ্বিপ অধিকাৰ মাত্ৰ আমাৰ দেশতহে আৰম্ভ হ'ব, বেলেগ দেশত নহয়। সেইকাৰণে নকলি ৰাষ্ট্ৰবাদী সকলে অনাদিকালৰে পৰা বেছি সংখ্যক জনসাধাৰণক জানিবুজি আৰ্থিক অত্যাচাৰেৰে গোলাম বনাই ৰাখিছে। বৰ্তমানো দেশ আৰু ৰাষ্ট্ৰৰ নামত তেওঁলোকক আৰ্থিক গোলামী বনাই ৰাখিছে আৰু ভৱিষ্যতেও এনেদৰেই হাজাৰ বছৰৰ বাবে জাতিভক্তি, ধৰ্মভক্তি, দেশভক্তি আৰু ৰাষ্ট্ৰভক্তিৰ নামত গোলাম বনাই ৰাখিবলৈ চাব। এনে ধৰনৰ নকলি ৰাষ্ট্ৰবাদীসকলে বহু টকা খৰচ কৰি ভোটাৰশ্বিপ অসম্ভৱ আৰু ব্যৱহাৰিক নহয় বুলি মিচা প্ৰচাৰত নিজে লাগি আছে। তেওঁলোকৰ বিশ্বাস যে এনে ভুৱা প্ৰচাৰেৰে দেশৰ জনসাধাৰণ তথা মধ্যবৰ্গৰ নাগৰিকে যাতে ভোটাৰশ্বিপ আন্দোলনত সহযোগ নকৰে।

২) টকা পালে অঘৰী জাতিয়েও ঘৰে ঘৰে নেতাৰ জন্ম দিব। ভোটাৰশ্বিপ'ৰ টকা পালেই দুখীয়া তথা দলিত পৰিয়ালটো নেতাৰ জন্ম হ'ব। ইয়াৰ দ্বাৰা সকলো দলিত পৰিয়াল কোনো দলিত নেতাৰ ভৰি তলত নাথাকিব। এনে ভয়তে ৰামদাস অটোৱালৰ বাদে বেছিসংখ্যক দলিত নেতাই সংসদত ভোটাৰশ্বিপ'ৰ বিৰুদ্ধ কৰিলে।

৩) দেশৰ পৰা গৰিৱ শেষ হৈ গ'লে, কমিউনিষ্ট দলৰ শাসন অনুভৱ নকৰিব। এনে ভয়ত কমিউনিষ্ট দলেও ভোটাৰশ্বিপ'ৰ বিৰুদ্ধ কৰিলে।

৪) ভোটাৰশ্বিপ'ৰ দ্বাৰা মজদুৰৰ দৈনিক হাজিৰা বাঢ়িব, এনে ভৱিষ্যতবাণীক সচাঁ মানি মজদুৰৰ শ্ৰমেৰে ধনী হৈ থকা সকলেও বিৰুদ্ধ কৰিলে।

৫) যি দলৰ সভাপতিয়ে ভোটাৰশ্বিপ'ৰ সমৰ্থন কৰিব, তেওঁলোকক নিৰ্বাচন খেলাৰ বাবে ধনীক শ্ৰেণীয়ে চান্দা দিয়া বন্ধ কৰিব। ধনীক শ্ৰেণীৰ এনে ধমকনীত ডাঙৰ ডাঙৰ দলৰ সভাপতি সকলে সংসদত ভোটাৰশ্বিপ'ৰ সমৰ্থন বন্ধ কৰিলে।

৬) ৰাজ্য সভাৰ সংসদীয় এক্সপাৰ্ট সমিতি তথা গোৱেল সমিতিৰ গ্ৰহণযোগ্যতাক উচ্চস্তৰীয় ৰাজনৈতিক কুটকৌশলী জালত ফচাই ওলমাই ৰাখিলে।

সংসদত ভোটাৰশ্বিপ'ৰ প্ৰস্তাৱ আৰু ডাঙৰ দলবোৰৰ ভূমিকা।

সচৰাচৰ ধাৰণা হয় যে ভাৰতীয় জনতা পাৰ্টি, বিজেপি গৰিৱৰ শত্ৰু দল হয়। কিন্তু সংসদত চলা "ভোটাৰশ্বিপ" অভিযানে ইয়াক ভুল প্ৰমাণিত কৰিলে। কাৰণ ভোটাৰশ্বিপ'ক সমৰ্থন কৰা সাংসদ কংগ্ৰেছৰ তুলনাত বিজেপি'ৰ বেছি আছিল। কংগ্ৰেছৰ ১১জন সাংসদৰ বিপৰীতে বিজেপি সাংসদৰ সংখ্যা আছিল ৪৮ জন। আচৰিত কথাটো আছিল যে দলিত তথা পিছপৰা শ্ৰেণীৰ স্বাভিমানৰ ওপৰত কাম কৰা সাংসদে এই প্ৰস্তাৱক অসম্ভৱ তথা দেশক নিস্কৰ্মা বনোৱাৰ প্ৰস্তাৱ বুলি, ভোটাৰশ্বিপৰ বিৰুদ্ধ কৰিলে। গুৰুত্বপূৰ্ণ কথা যে বিজেপি আৰু কংগ্ৰেছৰ দলিত সাংসদে কিন্তু ভোটাৰশ্বিপ'ৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। সংসদীয় বিচাৰত এইটো প্ৰমাণিত হল যে, জাতি,ভাষা,সম্প্ৰদায়ীক, আঞ্চলিকতাবাদ তথা সংকীৰ্ণ ৰাষ্ট্ৰবাদীৰ ৰাজনীতি কৰা সমাজসেবী তথা নেতা সকলেও ভোটাৰশ্বিপ'ৰ বিৰুদ্ধ কৰিলে। O' মনোবৃত্তিৰ লোকসকলক মাছৰূপী ভোটাৰ ধৰিবলৈ কেছু'ৰ দৰে ব্যৱহাৰ কৰাত বিজেপি আৰু কংগ্ৰেছ দুয়ো দলেই আগস্থান পাইছে। এই দুই দলৰ তলৰ কৰ্মীৰ O' মনোবৃত্তিৰ সত্যবাদী লোকসকলক নিৰ্বাচনত টিকট দিয়া যায়। এনে চুম্বকৰ সহায়েৰে ভোট টানি লোৱা যায়। কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত পাঁচ বছৰলৈ তেওঁলোকৰ কথা শুনা নাযায়। কাৰণ এই O' মনোবৃত্তিৰ সত্যবাদী মানুহজন কেৱল জনসাধাৰণৰ কাৰণেই সত্যবাদী নহয়। দলৰ AB' মানসিকতাৰ সভাপতি তথা দলৰ সকলো AB' মানসিকতাৰ লোকৰ বাবেও সত্যবাদী হয়। দলৰ সভাপতিৰ লগতে সকলোৰে অন্তৰত সোমাবলৈ যি আক্ৰমণাত্মক ব্যৱহাৰৰ প্ৰয়োজন হয় তেওঁলোক আক্ৰমণাত্মক হ'ব নোৱাৰে। "দানী বৃত্তি" তথা O' মনোবৃত্তিৰ হোৱাৰ কাৰণে আক্ৰমতা এই সত্যবাদীৰ নাথাকে। সেইকাৰণে "ভোটাৰশ্বিপ'ৰ" প্ৰস্তাৱক শ্ৰী বিশ্বাত্মা ভৰত গান্ধীয়ে কোৱাত AB' মানসিকতাৰ নেতাৰ দ্বাৰা চলাই থকা দলৰ O' মনোবৃত্তিৰ সাংসদেও সংসদত প্ৰস্তাৱ দাখিল কৰিছিল। কিন্তু নিজ নিজ দলৰ সভাপতিক বিৰুদ্ধাচৰণ কৰিব নোৱাৰিলে। ইয়াৰ কাৰণেও বহুসংখ্যক O' মনোবৃত্তিৰ ওপৰত কম সংখ্যক AB' মানসিকতাই ৰাজ চলাই আছে। আৰু পৰিনামস্বৰূপ নতুন নামেৰে তথা নতুন ৰূপত দাসপ্ৰথা চলি আছে।